পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
বুৰঞ্জীবোধ।

কাৰণে, ইফালে নামৰূপীয়া ৰজাক বন্দী কৰাই, সিফালৰপৰা মণিৰাম দেৱানক ধৰাই আনি যোৰহাটত ফাঁচী দিয়া হয়। মণিৰাম বৰুৱা এজন প্ৰতাপী লোক আছিল। তেওঁৱেই “দত্ত” উপাধি অসমত উলিয়ায়হি। মণিৰাম বৰুৱা দেৱান কায়স্থ আছিল; সেই আপাহতে আজিকালি অসমত কায়স্থ আৰু কলিতাৰ এভাগে দত্ত উপাধি লিখে। মণিৰাম দেৱানৰ ফাঁচী অসমত এটা বৰ ডাঙ্গৰ ঘটনা।

 জেনেৰেল জেন্‌কিঞ্চৰ পাচত, ১৮৬১ খ্ৰীষ্টাব্দত কৰ্ণেল হপ্‌কিঞ্চন উত্তৰ-পূব আৰু অসমৰ কমিচনাৰ হয়। তেওঁৰ আমোলতে, ১৮৬৬ খ্ৰীষ্টাব্দত ভোটান ৰাজ্য আক্ৰমণ কৰা হয়। ভুটীয়া ৰজা ৰণত ঘাটিলত দেৱানগিৰি নামে ভোটান ৰাজ্যৰ নামনি ভাগ বৃটিচ্‌ ৰাজ্যৰ চামিল কৰা হয়। এই ৰণৰ প্ৰসঙ্গতে অসমত ১৮৬৬ খ্ৰীষ্টাব্দত পোন্‌-প্ৰথমে টেলিগ্ৰাফৰ সৃষ্টি হয়। কৰ্ণেল হপকিঞ্চনৰ আমোলতে, ১৮৭১ খ্ৰীষ্টাব্দত বঙ্গদেশৰ লেফ্‌টেনেন্ট গৱৰ্ণৰ চাৰ জৰ্জ কেম্বেল চাহাব বাহাদুৰে অসমৰ পঢ়াশালি আৰু আদালতৰপৰা বঙ্গালী ভাষা উঠাই দি, তাৰ ঠাইত অসমীয়া ভাষা ‘চলাবলৈ নিয়ম কৰে।

 মুঠকথা।—আগেয়ে অসমত বৃটিচ্‌ গৱৰ্ণমেন্ট “ইষ্ট ইণ্ডিয়া কোম্পানী"ৰ তলে চলিছিল। সেই কাৰণে, তেতিয়া অসমত বৃটিচৰ শাসনকাল কোম্পানীৰ দিন বোলা হৈছিল। বৃটিচে পোনতে নামনি অসম খণ্ডহে নিজৰ খাচ্‌ দখললৈ নিছিল। উজনি অসমৰ নিচেই উজনিজাগ মটক আৰু খামতীক ভগাই দিয়া হৈছিল;