পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
কোম্পানীৰ দিন।

কৰা উজনি অসম খণ্ড বৃটিচ খাচ দখলৰ ৰাজ্যত চামিল কৰা হয়। তেতিয়াৰপৰা আহোম ৰজা আৰু আহোম ৰাজপুৰুষ- সকলক বৃটিচ্‌-ৰাজৰ পেঞ্চনভোগী কৰা হয়। সেই কালত, আহোম পেঞ্চন মাহে ১২,০০০৲ টকা আছিল। তাৰ পাচত, ১৮৪২ খ্ৰীষ্টাব্দত শদিয়াখোৱা গোহাঞিক পেঞ্চন দি, খাম্‌তী ৰাজ্য খণ্ড বৃটিচ্‌ খাচ্‌ দখলৰ লগ লগোৱা হয়। ১৮৪৩ খ্ৰীষ্টাব্দত বৰসেনাপতিৰ পৰিয়ালক বছৰি ৭০০০৲ টকাকৈ পঁচা দিয়াৰ নিয়ম বান্ধি মটকৰ ৰাজ্য বৃটিচ্‌ খাচ দখলৰ ভিতৰ কৰা হয়। অৱশেষত, ১৮৫৪ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্যৰ তুলাৰাম সেনাপতিক ভোগ কৰিবলৈ দিয়া ৰাজ্যও বৃটিচৰ খাচ্‌ দখললৈ নি, গোটেই অসম দেশত বৃটিচৰ এদনীয়া দখল স্থাপন কৰা হয়। তেতিয়াৰ পৰা গোটেই অসমত কোম্পানীৰ দিন হল।

 সদৌ অসম দেশ বৃটিচৰ খাচ্‌ দখলত পৰাৰ বছৰচেৰেকৰ পাচতে এটা ভয়ানক ৰাজবিপ্লৱ ঘটিবলৈ ধৰিছিল। ১৮৫৭ খ্ৰীষ্টাব্দত ডিব্ৰুগড়ত থকা বৃটিচ্‌ৰেজিমেণ্টৰ চিপাহীবিলাক অকস্মাতে জিকাৰি উঠে। তাৰ পাচত, সিহঁতে বৃটিচৰ তলতীয়া নামৰূপীয়া ৰজাৰ লগত যোগ দিবলৈ ওলায়। ইয়াৰ সম্ভেদ লোৱাত জনা গল যে, সেই সময়ত চিপাহীহঁতে চাহাবাদৰপৰা এখন গুপুত পত্ৰ পাইছিল। তাত নামৰূপীয়া ৰজাৰ দেৱান মণিৰাম বৰুৱাৰ নামে উল্লেখ কৰা হৈছিল। সেই সময়ত মণিৰাম দেৱান কলিকতাত আছিলগৈ। সিবিলাকৰ ওপৰত সন্দেহ হোৱাৰ উপৰিও, সিবিলাক বিহে ঘটোৱাৰ কাৰবাৰত থকাৰ প্ৰমাণ পোৱা যায়। সেই