পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
বুঢ়াভাষ্য

ধনতেসে মন  যতেক ব্ৰাহ্মণ
 ধৰ্ম্ম কৰ্ম্ম সবে নষ্ট॥ ১৬৭
মাতিবেক মিছা  মনে যেন ইচ্ছা
 কৰিবেক সবে যাই।
এৰিবে আচাৰ  হুইবে একাকাৰ
 ফুৰিবে ভক্ত বলাই॥ ১৬৮
হেন শুনি পাছে  বুলিলন্ত পাৰ্থে
 নাৰদে বিষাদ কৰি।
কোন কিবা তাৰ  হুইবে নিস্তাৰ
 ন জানোহো হৰি হৰি॥ ১৬৯

⸺ ০⸻

“পদ’’

দশ বিধ লক্ষণক কহিবো সম্প্ৰতি।
হেন শুনি পুছিলন্ত কৰিয়া প্ৰণতি॥
মনুত্তৰ কথা আৰু ইসান চৰিত্ৰ।
নিৰুধ মুকুতি আৰো অস্ত্ৰৰ অস্তিত্ব॥ ১৭০
এহি দশ লক্ষণক কৰিবো প্ৰকাশ।
বায়ু বহ্নি আদি কৰি পৃথিবী আকাশ॥
ঈশ্বৰত হন্তে আছে চৰাচৰ যত।
এহি শত লক্ষণক কহিলো তোমাত॥ ১৭১