পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
বুঢ়াভাষ্য

অহঙ্কাৰ ভগৱন্ত এহিমানে গৈলা।
কৃষ্ণক চিন্তিয়া মহাদেৱ তথা ৰৈলা॥ ১৬১
আৰু এক কথা কহো শুনা মহামতি।
দশদিক পাল যেন কহিবো সম্প্ৰতি॥
দশদিক পাল যেন সহস্ৰ ঈশ্বৰ।
কিছুমান কহো কথা শুনা তাসম্বাৰ॥ ১৬৩
একদিনা বহি সবে আলোছ কৰিলা৷
বিষ্ণুৰ থানত যাই এক থানে ভৈলা॥
ব্ৰহ্মাসন কাল সৃষ্টিকৰ চাৰিদিগ৷
তাঙ্ক আগ কৰি সবে কৈলো মহাভাগ॥ ১৬৪
হেন জানি নৰলোক এৰি আন কাম৷
দুৰ হোক দুঃখ সবে বোলা ৰাম ৰাম॥ ১৬৫


দূলৰী।

— ০ —

কলিৰ যুগৰ  যতেক ব্ৰাহ্মণ
 বিভিচাৰে প্ৰবৰ্ত্তিব৷।
মহ ম্লেছ যত  অজাতি আছয়
 তাহান পতিত হব॥ ১৬৬
লৈবে দান তাৰ  জাতি কুল কাৰো
 মই ধৰ্ম্মে হুই ভষ্ট।