পৃষ্ঠা:বীণ-বৰাগী (Bin-Baragi).pdf/৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


জিনিলে জগতখন,
হলাহল বাকি পিছতহে শুহিব
লোকৰ প্ৰাণৰ ধন৷
ফুলনিৰ ফুল লখিমী জীয়ৰী
দলিছে ভৰিৰে হায়
সৰগী বস্তুৰ কি জানিব মোল?
-পৃথিৱী পাপৰ ঠাই৷
ধৰ্মৰ নামত অধৰ্মৰ বেহা
দেখিলে বিৰাগ হয়,
ধনৰ লোভত পাপ সত্ৰ পাতি
কপটী গুৰুৰ জয়৷
ভাটৌৰ দৰে আওৰাই শাস্ত্ৰ
ফুৰে গিয়ানী বোলাই,
এজন যে আছে সকলোৰে সাক্ষী
অলপো নকৰে ভয়৷
হে প্ৰাণ বীণ! কি শুনিবা আৰু
দুখৰো উপৰে দুখ,
দুখৰে পোহাৰ-সংসাৰ মেলা,
নাই নাই নাই সুখ৷
নি:কিনলৈ কিয় দুখতে দৰ্দশা?
-নিৰ্দয় বিধান ইটো,
দুৰ্বলীৰ গতি জীয়ন্তে মৰণ?
কিয় নখণ্ডিব সিটো?
নেলাগে কুটিল সংসাৰৰ পথ