এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
বিৰাট পৰ্ব্ব।
সুদেষ্ণা বদতি দ্ৰৌপৰ মুখ চাই।
যুগুত কৰিয়া মাৱ তোক দিবো ঠাই॥২৪৬
উচ্ছিষ্ট নখাইবা তুমি নুধুৱাইবা ভৰি।
পৰ থানে নপঠাইবো অধিকাৰি কৰি॥২৪৭
এহি ৰূপে গুণে তই থাক মোৰ ঘৰে।
দিনে দিনে তোমাক দেখিবে নৰেশ্বৰে॥২৪৮
ৰূপ দেখি ভোল হুয়া পাতিব মহিষী।
পাছে যেন হওঁ আমি তোমাৰেসে দাসী॥২৪৯
মোক বেঢ়ি আছয় যতেক তিৰিলোক।
ৰূপ দেখি উৰ্দ্ধমুখে চাই আছে তোক॥২৫০
তিৰি ভোল ভৈল দেখি ৰূপ সুললিত।
ইকি ৰূপ দেখিয়া পুৰুষে ধৰে চিত্ত॥২৫১
নোহোয় আৰামে আছে যত তৰুবৰ।
চম্পক কেতকী মালি যুটি নাগেশ্বৰ॥ ২৫২
ৰূপ দেখি নম্ৰ ভাবে আছে সচকিত।
ইকি ৰূপ দেখিয়া পুৰুষে ধৰে চিত্ত॥২৫৩
দেখিলন্ত পাণ্ডবৰ যজ্ঞৰ কালত।
লক্ষেক ৰাজাৰ পত্নী আসিল লগত॥ ২৫৪
বদন জলয় যেন চন্দ্ৰৰ মণ্ডল।
শাৰি শাৰি হুয়া যেন ফুলিল কমল॥২৫৫