পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বিৰাট পৰ্ব্ব।

ভীমেৱো বোলন্ত জয় হোক যে নৃপতি।
পাণ্ডবক জানা তুমি নাজানা সম্প্ৰতি॥২৯৭
তাহান ঘৰত থাকি ৰান্ধি লৱো অন্ন।
দুগ্ধ আৱটিলো আৰু ৰান্ধিলো ব্যঞ্জন॥২৯৮
নামত বল্লভ মল্ল বুদ্ধত কুশলি।
খুজি লুৰি নাহি পাৱো মোৰ সম বলী॥২৯৯
সিংহ বাঘ গজ সমে কৰৱো প্ৰহাৰ।
ৰান্ধিৱো অন্ন থাকিবন্ত তব ঘৰ॥২০০
বিৰাট বোলয় মোৰ হোৱা সুপকাৰ।
ৰন্ধন শালাৰ তুমি হৈবা অধিকাৰ॥২০১
মইতো জানোহে তব যোগ্য নোহে কাজ।
তুমি ৰাজা যোগ চাৰি সাগৰৰ মাজ॥২০২
বৰ পাইয়া ভীমসেন বৰ লাসে গৈলা।
বিৰাট ৰাজাৰ আতিশয় প্ৰিয় ভৈলা॥ ২০৩
অজ্ঞাত আছিল ৰাজা নজানিল আনে।
অনন্তৰে শুনিয়োক পাঞ্চালী পয়ানে॥২০৪
খুল মলিন বস্ত্ৰ পিন্ধি একখানি।
সবে কেশ বান্ধিলন্ত এক গোটা বেণী॥২০৫
দক্ষিণ কন্ধৰ মাজে হস্তক যে থৈলা।
ধীৰে ধীৰে নগৰিক লাগি চলি গৈলা॥২০৬