এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
বিৰাট পৰ্ব্ব
কোন গোট আসে হেৰা আতি ৰূপৱন্ত।
যেন তম ভেদি সূৰ্য্য দহিয়া আসন্ত॥১৮৭
কিবা গন্ধৰ্ব্বৰ ৰাজা কিবা পুৰন্দৰ।
শৰীৰ জলয় যেন গিৰি সম সৰ॥১৮৮
সিংহৰ সমান কন্ধ নিচিনয় আঙ্ক।
সমাজে পসিয়া যোনো লগাৱয় ঢাঙ্ক॥১৮৯
মনে মনে বোলে আৰ নুবুজিলো চিত্ত।
সকালে দিয়োক বীৰে যত খোজে বিত্ত॥১৯০
তেখনে লৱৰি গৈলা ভীমৰ সমীপ।
ৰাজাৰ বচনে সবে বুলিলা ভীমক॥১৯১
কোন বস্তু খোজা তুমি শীঘ্ৰে কহিয়োক।
সমস্তে দিবোহো তাক লৈয়া চলিয়োক॥২৯২
তাসক কিঞ্চিতেকো নেদিয়া উত্তৰ।
নৃপতিক লাগিয়া বুলিলা বৃকোদৰ॥২৯৩
জানিয়ো নৃপতি মই ভাল সুপকাৰ।
পুষিবাহা ৰাজা ভৈলো সেবক তোমাৰ॥২৯৪
ৰাজা বোলে সেবক বুলিবো কেন মতে।
তুমি সুপকাৰ হেন নুৰুচে মনতে॥২৯৫
তোৰ ৰূপগুণকান্তি বচনে গমনে।
চলে ইন্দ্ৰ আসি আছা হেন মানো মনে॥২৯৬