পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰাট পৰ্ব্ব।

শঙ্কৰতে সম বল পৰাক্ৰম যাৰ।
সিটো কেন মতে কৰ্ম্ম কৰিবে পৰৰ॥৫৭
দুয়ো হাতে ধনু ধৰি প্ৰহাৰন্ত সৰ।
বৃষভৰ কান্ধ যেন দুয়ো হাতে কৰ॥৫৮
তাতে সব্যসাচী নাম খ্যাত ত্ৰিজগতে।
এহি হাত দেখি নিচিনিবে কেন মতে॥৫৯
দুই কৰ্ণ মানে কৰ ভৈল ধনুৰ্গুণ।
তাক দেখি কোনে নুবুলিবেক অৰ্জ্জুন॥৬০
আজানুলম্বিত বাহু কৰি-কৰ সম।
চকোৰ নয়ন সিংহ সমান বিক্ৰম॥৬১
ইন্দ্ৰে শিৰে ৰত্নময় কিৰিটি বান্ধিল।
সূৰ্য্য সম জ্বলে অঙ্গ সহিতে মিলিল॥৬২
ইয়ো কৰ্ম্ম অৰ্জ্জুনৰ খ্যাত পৃথিবীত।
তাক দেখি লোকে নিচিনিবে কোন চিত্ৰ॥৬৩
অৰ্জ্জুন বদতি নৃপতিৰ মুখ চাই।
মোক লাগি ৰাজা কিঞ্চেতেকো শঙ্কা নাই॥৬৪
প্ৰতিজ্ঞা কৰিয়া ধৰো নপুংসক বেশ।
শৰীৰৰ চিহ্ন তেবে ঢাকিবো নিশেষ॥৬৫
দুই মুষ্টি শাঙ্খ পিন্ধিবোহো দুই হাতে।
দুই হাতৰ চিহ্ন মানে লুকাইবেক তাতে॥৬৬