পৃষ্ঠা:বিৰাট পৰ্ব্ব.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰাট পৰ্ব্ব।

এহি মতে থাকিবো বিৰাট নগৰত।
কোন কৰ্ম্ম কৰিৱন্ত পুচা অৰ্জ্জুনত॥৪৭
অৰ্জ্জুনক লাগি ধৰ্ম্মে কৰিলন্ত শোক।
এহি ৰূপে গুণে ভাই কৈত লুকায়োক॥৪৮
খুণ্টিভাণ্ডে হাথিকোলে পাৰে লুকাইবাক।
কতনো ললাট বিধি দিলেক আমাক॥৪৯
সকলে আছয় মহেন্দ্ৰৰ যত গুণ।
মাধৱতো কৰি কিঞ্চিতেকো নাহি নূন॥৫০
ৰূদ্ৰৰ লগত গণৈ ৰূদ্ৰৰ সমান।
আদিত্যৰ লগে গণৈ আদিত্যৰ ঠান॥৫১
ত্ৰিদশৰ বৈৰী ইন্দ্ৰো নোৱাৰন্ত যাক।
এক খান ৰথে চড়ি মাৰিলন্ত তাক॥ ৫২
অগ্নিক তুষিলা বন খাণ্ডব দহিলা।
ত্ৰিদশ সহিতে ইন্দ্ৰ দেৱক জিনিলা॥৫৩
মহেন্দ্ৰৰ অৰ্দ্ধাসন পায় বীৰবৰ।
দিব্য অস্ত্ৰ শিখিলন্ত পঞ্চম বৎসৰ॥৫৪
তিনি তোক মাঝত সমান নাহি যাৰ।
সিটো কৰ্ম্ম কৰিবাক নোৱাৰে পৰৰ॥৫৫
উলুপী ভগিনী সৰ্প ৰাজ বাসুকীৰ।
নিজ বাহু বলে জিনিলেক মহাবীৰ॥৫৬