উৎসৱ আৰু বংশৰ বান্ধনি ৷ উৎসৱত সমাজ অঙ্গৰ উলাহ; উলাহত উদগণি । মে-জি। বিহু আৰু তাৰ প্রাকৃতিক চিত্র ভোজঘৰৰ সংক্রান্তিৰ আশ্বাসতে পো-বোৱাৰী, গৃহিণী সকলো- টিয়ে আশীর্ব্বাদ গ্রহণ করে। 'এই নিভাঁজ মিলা- প্ৰীতিৰ ভাব প্ৰত্যেক ঘৰত বিৰাজ কৰে । বিহুৰ দহ-বাৰ দিনৰ আগৰে পৰা চেঙেলীয়া লৰাহঁতে অনেক কাৰবাৰ কৰি ঠাইৰ সুবিধামতে নৈ বা আন কোন পুখুৰী নাইবা কোনো বিল দাঁতিত বিছৰ আগ দিন। ভোজঘৰ সাজি ভোজ খায়। কোনোৱে এই ভোজ ঘৰক ভেলাঘৰ বোলে ৷ এই ভেলাঘৰক হোমঘৰে বোলে । ওচৰতে এটি কাঠ খৰিব মে-জি দ'লৰ কলচি দৰে প্ৰায় ৯ ১০ ন, দহ হাত ওখকৈ ইয়াক সজ। হয়। ওচৰ বা নিলগৰ পৰা ই দেখিবলৈ বৰ শুৱনি । ডাঙ্গৰ বা বুঢ়া যে-জিৰ ওচৰতে কোনোৱে আৰু এটা নিয়মীয়া কিন্তু সক-মে-জি সাজে। বুঢ়া আৰু ডেকা মে-জিৰ কেউ কাষে খেষৰ পালি মে-জি । এই পালি মে-জিৰো ডাঙৰ সৰু আছে ৷ লগতে কল ঠকৱাৰ ঢেৰুৱা মে-জি দুই তিনটা সাজি থয়। জুই লাগি যাওঁতে ঢেবচেৰাই শব্দ উঠে দেখি সেই না । তাৰে এটা গোট বাঁহটো দি দীঘলকৈ সাজে । ভোজৰ স্বলীত ভোজ হয় মানে চেঙেলীয়াহঁতে [ 21 ] 1
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/৩৪
অৱয়ব