বিহু আৰু তাৰ প্ৰাকৃতিক চিত্র সমাজৰ ওপৰত প্ৰকৃ তিৰ প্রভাৱ । তাৰ ফলত অনুষ্ঠানৰ আবির্ভাব। প্ৰকৃতিৰাজ্যৰ বিধানসমূহৰ আচল সাৰথি । সুখত হৰিষ আৰু দুখত বিষাদ। সুখে দুখৰ বোজা লয় আৰু দুখে সুখৰ প্ৰতিকৃতি স্মৰণ কৰে। সুখ বলী, দুখ নিৰ্ব্বলী। দুখৰ দুর্দান্ত ভাবে পৃথিবী খলক লগাই নিজৰ প্রাধান্যৰ চিনাকি দিবলৈ চেষ্টা কৰিলেও সুখৰ আগত ই সদার সেও মানে। আনন্দ সাগৰে যেতিয়া সূৰ্য্যৰ পোনপ্ৰথম ৰশ্মি নিজৰ বুকত লৈ কেলি-মেলি কৰে বিষাদ তেতিয়া অন্ধ ঘোপৰ চাৰি সীমাত থাকি স্বার্থ-পূজাত ব্রতী হয় । প্রক্- তিত আনন্দ আৰু বিষাদৰ ৰেখা আছে। দুখৰ পিচত সুখ আৰু মুখৰ পিচত দুখৰ আবৰ্ত্তন। বিষা- দৰ পিচতে আনন্দৰ আমোল, আনন্দৰ পিচতেই বিষাদৰ ঘোৰ বিহ্বলতা । প্ৰকৃতিৰ ৰাজ্যত যি ক্ৰিয়া সেই ক্ৰিয়াৰ ফল ৰাজ্যৰ প্রজাবৰ্গৰ ওপৰত। প্রকৃতিৰ শিষ্য আমি মানব ৷ মানবসমূহৰ সমষ্টিরেই সমাজ। গতিকে সমাজত সময় আৰু অৱস্থাৰ গতি লৈ একোটি একোটি উৎ- সব হয়। সেই উৎসবসমূহেই এটি এটি অনুষ্ঠান ৷ উৎসৱ সময়োপযোগী। সমাজৰ প্ৰত্যেক উৎসবৰে অর্থ আছে। কৰ্ম্মত আবদ্ধ হৈ থকা মনক উৎসবে আনফালে [ 2 ]
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১৫
অৱয়ব