সমললৈ যাওক

পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জগতৰ চমু দৰ্শন । মানৱ জীৱনৰ লীলা । City... সাহিত্য সভা “সত্যম্ শিবম্ সুন্দৰম্ আৰম্ভণ নং জগৎ ৰহস্যময় । ৰহস্যত আনন্দ। আনন্দত সৎ। জগতেই প্রক্বতি। প্রকৃতি সজীৱ । জীৱত চৈতন্য। চৈতন্যত পৰিবৰ্ত্তন । পৰিবৰ্ত্তনেই সাল- সলনি। সালসলনিত নৱ অভ্যুদয় । নৱ অভ্যুদয়ত সৌন্দর্য। সৌন্দৰ্যত চিদানন্দ, গতিকে জগতেই সৎ-চিৎ-আনন্দ উপলব্ধি কৰিবৰ ক্ষেত্র। এই জগ- তেই জীৱনৰ উৎকৰ্ষ সাধন কৰাৰ আশ্ৰম আৰু প্রকৃতিয়েই আশ্ৰমৰ উপাসকসকলৰ শিক্ষয়িত্ৰী । আশ্ৰমৰ উপাসকসকলৰ ভিতৰত জীৱনসংগ্ৰাম আছে। ষ’তে জীৱন ত'তে ঘোৰ প্ৰতিবাদ ৷ জীৱনৰক্ষাৰ পৰা জীৱনযুদ্ধ। এই যুদ্ধৰ চৰম লক্ষ্য উৎকর্ষ সাধনাত ৷ যুদ্ধত এদলৰ জয় আৰু আনদলৰ পৰাজয়। এদলৰ ভিতৰত সুখ বা আনন্দৰ জয়ধ্বনি আৰু আনদলৰ ভিতৰত দুখৰ আৰ্ত্তনাদ বা বিষাদৰ কৰুণ বিননি। দুখ আৰু সুখ বা বিষাদ আৰু হৰিষ [ ১ ]