পাতনি । বিহু ভাৰতীয় হিন্দুৰ উৎসৱ । ঠাই আৰু সমাজভেদে উৎসৱৰ সঁজুলিৰো ভেদাভেদ আছে। উৎসৱে নানা ঠাইত নানা ধৰণেৰে মোট সলালেও ই যে ভাৰতব্যাপী চলিত তাক নিঃসন্দেহে কব পাৰি। জ্যোতিষশাস্ত্ৰৰ গণনামতেই ভাৰতত ই ১৫১২ বছৰৰ পৰা পুৰুষানুক্ৰমে চলি আহিছে। গতিকে বিহু ভাৰতৰ অতি পুৰণিকলীয়া উৎসৱ। সমাজৰ উপকাৰৰ কাৰণে যে ইয়াৰ জন্ম সি অতি ঠাৱৰ। পুৰণিকলীয়া বস্তুত জনসমূহৰ ৰাপ নাথাকি- লেও সমাজ অঙ্গক যি বস্তুৰে কিবা অলপ সহায় কৰিব পাৰে সেই বস্তু পুৰণি হলেও সদায় নতুন। কিয়নো, তাৰ ক্ৰিয়াৰ প্রভাৱ এতিয়াও সমাজৰ ওপৰত চলি আছে। কোনো আচল বস্তু বদলি হব নোৱাৰে । সোণ সোণেই। ৰূপ ৰূপেই। সোণ ৰূপ হব নোৱাৰে। ৰূপ সোণ হয় নোৱাৰে । নানা বেয়া বস্তুৰ সংযোগত সোণ ৰূপ জাৰ হলেও তাক পৰিষ্কাৰ কৰাৰ ভাল উপায় আছে। সেই উপায় উলিওৱাৰ ভাৰ নিজৰ নিজৰ ওপৰত। নিজৰ গাত যদি “নিজত্ব” নাথাকে তেন্তে সেই প্রত্যেক জনেই নিরুপায় । সজ বিবেচকৰ কৰ্ত্তব্য হৈছে সমাজৰ লাগতিয়াল পুৰণি বস্তুৰ পৰা সাৰ সংগ্ৰহ কৰি তাক বৰ্ত্তমান সময় আৰু সমাজৰ উপযোগী কৰি তোলা আৰু সেই সম্বলেৰেই বৰ্ত্তমান সমাজৰ মঙ্গল সাধন কৰা । সি যি কি নহওক “বিহু” যে হিন্দুৰ অতি লাগতিয়াল 1°
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১১
অৱয়ব