উৎসৱ তাক বাহুল্যকৈ কোৱা বিড়ম্বনা মাথোন । তাৰ সমালোচনা কিন্তু আজিৰ নিমিত্তে অতি লাগতিয়াল । উৎসৱ সময় লৈ হয়। গতিকে সাময়িক উৎসৱৰ দৃশ্যৰো যে সামাজিক অৱস্থা টনকিয়াল কৰাত ভাল সহায় কৰিব পৰা হাত আছে তাক ভালকৈ বিশ্বাস কৰিব পাৰি । কৰ্ম্মী সমাজে যদি কৰ্ম্মপথত সাময়িক দৃশ্যাৱলীৰ মোল চকুৰে দেখি থাকি মনলৈ আনন্দ অনাব পাৰে তেন্তে কৰ্ম্মময় জগৎ ৰসময় হয়। তাৰ ফলত সমাজৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ লগে লগে মানসিক অৱস্থাৰ উৎকৰ্ষ হৈ সমাজজীৱনৰ নৈতিক অৱস্থাৰ গুৰি শকত হয় ৷ সেয়ে হলেই সমাজহৃদয় পৰিপুষ্ট হয় আৰু তাৰ শ্ৰী বাঢ়ে । গতিকে প্রাকৃতিক দৃশ্যাৱলীয়ে জাতীয় জীৱন গঠনত কিমান সহায় কৰে তাক ভালকৈ বুজিব পাৰি ৷ সেই দেখিহে কৰ্ম্মী সমাজৰ আগত সিবিলাকৰ সাতামপুৰুষীয়া পুৰণিকলীয়া বস্তুত সময়োপযোগী ভাল ৰহণ দি কোনো চিত্ৰ আঁকি দেখুৱা প্ৰত্যেক সাহিত্যিকৰ ধৰ্ম্ম । আৰু সেই সেই পুৰণি বস্তুনো কি, তাৰ উৎপত্তি আৰু ইতিবৃত্ত ভালকৈ সমাজ- পটত আঁকি দেখুৱাই দিলেই সকলো অন্ধবিশ্বাস দূৰ হৈ কৰ্ম্ম- সমাজ-অঙ্গৰ পৰিপুষ্টি সাধন কৰাৰ আশা ৷ শিৱসাগৰ, কোঁৱৰপুৰ, বহাগ, ১৮৪০ শক । love প্রণেতা ।
পৃষ্ঠা:বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ.pdf/১২
অৱয়ব