পৃষ্ঠা:বিহুগীত.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
◇ বিহুগীত ◇ ১১৮ ◇

পুৰণা পীৰিতি এৰিলি চেনেহী
 তোৰেমান এজনী নাই॥

(১৫)

নিয়পাই হাতিগাবা মিজিগ ইগাবা হিজেংনা
 আয় মুকুমিজি দিগানৈ নিনি।
নিয় মৰম না আ হানৈ নিমামা নিমা
 শপত হাবেম দে মকা হায়াম নিনা॥
মিচিকি হাঁহিৰে মৰম লগাই লগাই
 দেখি চকুপানী বৈ।
তোমাকে পামেযেন উমলি থাকিমযেন
 ভাতৰ কাহী হেঁচুকি থৈ॥

(১৬)

উজাই চৰিব
মাছেকি মগৰে
ভটিয়াই চৰিব


তুমি সাজিকাচি
আহিবা নাচনী
চাপৰিত পাতি যাম

   

ৰিং ৰিং ৰাং ৰাং কৰে মন
ৰিং ৰিং ৰাং ৰাং কৰে মন
শিহু আইটী পানীমলা
ৰিং ৰিং ৰাং ৰাং কৰে মন
ৰেপি ৰেপি ধৰে মন
নেযাওঁ মইনা ঘৰলৈ
নেযাওঁ মইনা পৰলৈ
বিহু মাৰি থাকিবৰ
বিহু মাৰি থাকিবৰ মন।
ৰিং ৰিং ৰাং ৰাং কৰে মন
ৰিং ৰিং ৰাং ৰাং কৰে মন
ৰেপি ৰেপি ধৰে মন
নেযাওঁ মইনা ঘৰলৈ
নেযাওঁ মইনা পৰলৈ
বিহু মাৰি থাকিবৰ
বিহু মাৰি থাকিবৰ মন॥