এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭
বিষহৰিৰ জন্ম
অপযশ মোৰে ঘুষিবে সংসাৰে
বধিলাে আপােনাৰ বাপ।।
জন্মিলাে পাতালে আসি মহীতলে
দেখি কাম হৈলা ভােলানাথ।
লোভ মােহ কামে মনৰ ভৰসে
বাক্য বুলিলা দুৰক্ষৰ।।
বোলে দেৱ চক্রপাণি শুনা শিবৰ নন্দিনী
ক্রন্দন কৰহ কি কাৰণে।
আমাসাৰ বচন শুনা দিয়া মন
জীয়াওক দেৱ ত্রিলােচনে।।
হৰ কোলে কৰি কান্দে জয় বিষহৰি
বসিয়া শ্রীফলৰ মূলে।।
দিহা—দয়াৰ কালিয়া হেৰ
শিবে ৰাম ৰাম বুলি বেন বজায়া।
দেৱগণৰ বচন শুনিয়া বিষহৰি।
মন্ত্র উচ্চাৰিবে লৈলা বাপৰ মাথে ধৰি ৷৷
ব্ৰহ্মদ্বাৰ চাই পদ্মা মাৰিলা হুঙ্কাৰ।
উঠিয়া বসিল শিব সভাৰ ভিতৰ ৷৷
দেৱগণে বােলে শুনা ভােলা মহেশ্বৰ৷
কুমাৰী লইয়া তুমি চলি যােৱা ঘৰ।।
এহি বুলি দেৱগণ হৈলেক বিদায়।
কুমাৰী লইয়া শিব ঘৰে চলি যাই।।
শিবে বেলে শুনা পদ্মা কহো এক কথা।
এক ঘৰ বান্ধি দেও তুমি থাকা এথা।।