চণ্ডীকা ঢলিয়া পৰে হিঙ্গুলানী ঘৰে।
বাত্ৰা দিতে গৈলা নাৰদ শিবৰ গোচৰে।।
কি কাৰণে ভোলানাথ নিশ্চিন্তে বসিয়া।
তোমাৰ চণ্ডীকা ঘৰে আছয় মৰিয়া।।
কোথা হৈতে আনি আছা ইকাল নাগিণী।
তাইৰ বিষে ধলি পৰে অভয়া ভবানী।।
নাৰদৰ বচনে শিব উঠি দিলা লৰ।
বাঘৰ ছাল পৰি ৰৈলা সভাৰ ভিতৰ।।
দেখে চণ্ডী পৰি আছে হিঙ্গুলানী ঘৰে।
মৰা চণ্ডী কোলে কৰি লাগে কান্দিবাৰে।।
দিহা-উঠা উঠা মোৰ প্ৰিয়া গিৰিৰাজ সুতা।
কুক্ষণে ঘৰক মই আনিলো দুহিতা।।
কান্দে পুত্ৰ দুইজন তুমি উঠি দিয়া স্তন
কৈক যাইবো একালা শঙ্কৰ ৷
সুললিত সুকোমল তুলা হইতে পাতল
জল হৈতে অধিক শীতল।
ৰতিকালে ভগৱতী সঙ্গত মিলায় যান্তি
মুখ যেন চন্দ্ৰ মণ্ডল।।
কোননো কুমাৰে তোৰে গঠিয়াছে পায়োধাৰে
নিৰ্ম্মায়াছে দিয়া গজমতি।
দেখি তোৰ মুখ চান্দ লজ্জায় পলায় চন্দ্ৰ
বাতুল হুয়া কান্দে পশুপতি।
আগ হৈয়া নন্দী বোলে দাড়াইয়া শিবেৰ তৰে
শুনা শিৰ আমাৰ বচন।