সমললৈ যাওক

পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৯)


হিন্দু ঋষিসকলে ভালকৈ বুজিছে যে সাপেক্ষক আশ্ৰয় কৰিহে নিৰপক্ষ তত্ত্বৰ ধাৰণা উপলদ্ধি কৰা সম্ভৱ। গতিকে তেওঁবিলাকৰ মতে হিন্দুবিলাকৰ দেৱ-মূৰ্ত্তি, খৃষ্টানবিলাকৰ ক্ৰছ আৰু মুছলমান- বিলাকৰ চন্দ্ৰ-কলা আদি আধ্যাত্মিক উন্নতিৰ সহায়হে মাথোন। তেওঁবিলাকে এনেকুৱা কথা কব নোখোজে এনেকুৱা আশ্ৰয় সকলোৰে পক্ষে আৱশ্যক, কিন্তু অধিকাংশ মানুহেই ইয়াৰ পৰা যে পৰম উপকাৰ পাইছে তাৰ অকণো ভুল নাই।

 গতিকে যিবিলাকৰ ইয়াৰ কোনো আৱশ্যক নাই তেওঁবিলাকে অন্যক “এইটো অন্যায়” বুলি কবৰ কোনো অধিকাৰ নাই।

হিন্দু ও খৃষ্টান ধৰ্ম্মৰ পাৰ্থক্য

 আৰু এফাঁকি কথা কবৰ মোৰ আৱশ্যক আছে। ভাৰতবৰ্ষত মূৰ্ত্তি-পূজাই একো দুষ্কৰ্ম্ম কৰা নুবুজায়। ই বেয়া স্বভাৱকো প্ৰশ্ৰয় নিদিয়ে। বৰং ই দুৰ্ব্বল মনৰ মানুহক ধৰ্ম্মৰ উচ্চ ভাৱৰ ধাৰণা কৰিবলৈ বিশেষ সহায়হে কৰে। হিন্দুবিলাকৰ অৱশ্যে অনেক দোষ আছে, কিন্তু এইটিও জানি থোৱা উচিত যে ইয়াৰ পৰা তেওঁবিলাকে নিজে নিজৰ শৰীৰকহে কষ্ট দিয়ে; আনক ডিঙ্গি কাটিবলৈ তেওঁবিলাকে কেতিয়াও আগ নাবাঢ়ে। হিন্দু নৰ-নাৰীয়ে কেতিয়াবা ধৰ্ম্মোন্মাদ হৈ নিজে জুইত জাপদি পুৰি মৰে, কিন্তু বিধৰ্ম্মিক পুৰিবলৈ তেওঁবিলাকে কেতিয়াও জুই নধৰে। যদি ইয়াকো পাপ বুলি কোৱা, তেন্তে এই পাপ অকল হিন্দু-ধৰ্ম্মৰেই নহয়। খৃষ্টিয়ানবিলাকে ডাকিনী বুলি যিবিলাক তিৰোতাক পুৰি মাৰিছে, সেইটো খৃষ্টধৰ্ম্মৰ দোষ নে তেওঁবিলাকৰ নিজৰ দোষ?