পৃষ্ঠা:বিবেকানন্দৰ চিকাগো বক্তৃতা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৮)


বাল্য আৰু যৌৱনকালক পাপৰ অৱস্থা বুলি ঘিণ কৰে তেনেহলে তেওঁক হাঁহিবলগীয়া নহয় নে? কিন্তু হিন্দুধৰ্ম্মত এনেকুৱা নিয়মো নাই যে সকলোৱে মূৰ্ত্তি পূজা কৰিব লাগিব।

মূৰ্ত্তি পূজা তলৰ খাপৰ আস্থা কিন্তু ভ্ৰম নহয়।
 যদি কোনোবাই মূৰ্তি পূজা কৰি সহজে নিজৰ ব্ৰহ্ম-ভাৱ উপলদ্ধি কৰিব পাৰে, তেনেহলে ইয়াক পাপ বুলি ভৱাটো যুক্তি সঙ্গত হব নে? আনকি তেওঁ এই অৱস্থা এৰি গলেও, তেওঁৰ পক্ষে এইটো ভ্ৰমাত্মক বুলি কোৱা সঙ্গত নহয়। হিন্দুবিলাকৰ মতে মানুহে ভ্ৰমৰ পৰা সত্যলৈ যোৱা নাই, কিন্তু সত্যৰ পৰা সত্যলৈহে গৈছে; তল খাপৰ সত্যৰ পৰা ওপৰ খাপৰ সত্যলৈ ক্ৰমান্বয়ে যাব লাগিছে। হিন্দুবিলাকৰ মতে ক্ষুদ্ৰ অজ্ঞানীসকলৰ ধৰ্ম্মৰ পৰা বেদান্তৰ অদ্বৈতবাদলৈকে সকলোবিলাক ধৰ্ম্মই অনাদি পৰম ব্ৰহ্মৰ উপলদ্ধি সোপান মাথোন। জন্ম আৰু অৱস্থাভেদে যাৰ পক্ষে যি উপযোগী তেওঁ তাকে আশ্ৰয় কৰি ইটোক এৰি সিটোক ধৰি আগুৱাই যায়। এইদৰে ক্ৰমান্বয়ে শক্তিশালী হৈ সৱশেষত সেই মহান্ সূৰ্য্যৰ ওচৰ চাপেগৈ।

 বহুত্বৰ মাজত একত্বই হৈছে প্ৰকৃতিৰ নিয়ম! হিন্দুসকলে এই কথা ভালকৈ উপলদ্ধি কৰিছে। অন্যান্য ধৰ্ম্মত কিছুমান মত বিধিবদ্ধ কৰি তাকে সমগ্ৰ জগতকে মানিবলৈ বাধ্য কৰে আৰু এটা জোখৰ এটা ছোলাকে ৰাম, হৰি, যদু সকলোৰে গাত বলেৰে পিন্ধাই দিবলৈ চেষ্টা কৰে। যদি যদু বা হৰিৰ গাত সেই ছোলাটো নোসোমায় তেনেহলে সিহঁত উদঙ্গ থাকিব লাগিব।