পৃষ্ঠা:বিপ্লবী আৰু বীৰ-নাৰী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৪ বিপ্লবী

⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

মৰণ নেউচি গ’লা লক্ষ্য স্থানলই।
বাধা দি ৰাখিব কোনে
উদগীৰণ আগ্নেয়গিৰিৰ!
তােমালােকৰেই স্মৃতি ল’ই অন্তৰত
হ’ল অগ্রসৰ।
স্বাধীনতাকামী।
জাগ্ৰত ভাৰত-বাসী ;
বন্দুকক, সঙ্গীনক নেউচি পেলাই ;
জয়ী হই ছিঙি দিলে
জননীৰ সুদৃঢ় শৃঙ্খল!
বিপ্লবীৰ দল!
যদিওবা শেষ হ’ল পার্থিব জীৱন,
আঁৰ হ’লা চাক্ষুস দৃষ্টিৰ,
তথাপিও সিদিনাৰ সেই মধু স্মৃতি
ৰ’ব হ’ই যাউতিযুগীয়া ;
ৰ’ই যাৰ বুৰঞ্জীত সােণালী আখৰে
মুক্তিৰ আমােঘ মন্ত্র
ৰ’ই যাব তৰুণৰ তৰুণ হিয়াত।
সেই বাবে হ’ই নতশিৰ।
কৰোঁ নিবেদন
অনুৰক্ত হৃদয়ৰ শ্ৰদ্ধাৰ অঞ্জলি।

⸻⸻