পৃষ্ঠা:বিজ্ঞানৰ বিচিত্ৰ বতৰা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিজ্ঞানৰ বিচিত্ৰ বতৰা
 


সূৰ্যৰ উষ্ণতা বৰ্তমানতকৈ ১.৫ গুণ বেছি হোৱা হ'লে পৃথিৱীৰ বাসিন্দাসকল জীয়াই জীয়াই পুৰি মৰিলহেঁতেন।

■পৃথিৱীৰ সকলো কয়লা আৰু খাৰুৱা তেল পুৰিলে যিমান শক্তি আৰু তাপৰ উদ্ভৱ হ'ব সূৰ্যই সেইখিনি প্ৰতি ছেকেণ্ডত উৎপন্ন কৰে।

■ বিৰল ধাতু গেলিয়াম ৮৬ ডিগ্ৰী ফাৰেণহাইট উষ্ণতাতেই গলি যায়। হাতত লৈ থাকিলে ই লাহে লাহে গলি সম্পূৰ্ণ জুলীয়া হৈ পৰে।

■ ধুমকেতু একোটাৰ নেজডাল কেইবা নিযুত কিলোমিটাৰ বিস্তৃত হৈ থাকিব পাৰে। ইয়াৰ দীঘ সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব যিমান তাতকৈও বেছি। এই নেজডাল গেছ আৰু মিহি ধূলিৰ বাহিৰে আন একো নহয়। কিন্তু এই নেজডালত যিমানখিনি পদাৰ্থ থাকে, সেই আটাইখিনি এটা নিয়মীয়া আকাৰৰ ছুটকেছৰ ভিতৰত সহজে ভৰাই থব পাৰি!

■ প্ৰতি এক নিযুত টন সাগৰৰ পানীত চাৰি গ্ৰাম সোণ পোৱা যায়।

■ সমুদ্ৰপৃষ্ঠৰ উচ্চতা প্ৰতি ১০০ বছৰৰ মূৰত প্ৰায় ৩০ ছেণ্টিমিটাৰ বৃদ্ধি পায়।

■ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যদিও বৰফেৰে আবৃত্ত, ইয়াৰ বৰফ কেতিয়াও গলি নাযায়। ইয়াত সূৰ্যৰ ৰশ্মি ইমান কম পৰে যে সেই ৰশ্মিৰ তাপে বৰফ গলাব নোৱাৰে। কিন্তু কেনেবাকৈ যদি এই বৰফ গলিবলৈ হয়, তেনেহ'লে পৃথিৱীৰ সমুদ্ৰপৃষ্ঠ ওপৰলৈ উঠি যাব আৰু গোটেই পৃথিৱী পানীত বুৰ যাব।

■ এডোখৰ মূল্যৱান হীৰা আৰু এডোখৰ সাধাৰণ এঙাৰ একেবিধ মৌলৰ দ্বাৰা

গঠিত। হীৰা আৰু এঙাৰ বেলেগে বেলেগে পুৰিলে একেই কাৰ্বন-ডাই-অক্সাইড