পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৮)

তান পাছে গৈলা মন্দোদৰীত সোধন্ত।
কথা শুনি মন্দোদৰী খঙ্গে জলিলন্ত॥
সতীনী আনিছ তই মোত আঁৰ কৰি।
আমাত কৰিয়া তাই সৰ্ব্বাঙ্গে সুন্দৰী॥
সি কাৰণে তোহোৰ মোহোত দয়া নাই।
তাইৰ মান সাধিলোহে সাগৰে পেলাই॥
শুনি ৰাৱণৰ মনে মিলিত সংশয়।
ঈশ্বৰৰ ইচ্ছা কোনে খণ্ডিব পাৰয়।
আপুনি বিনাশ জানি ভাবে মনে মনে।
একো নকহিয়া মনে থাকিলা ৰাৱণে॥
শুনা আত অনন্তৰে যেন ভৈলা পাছে।
সাগৰ পাৰত দেবী কতো দিন আছে॥
মিথিলাৰ ৰাজা যিটো জনক নৃপতি।
তাহাৰ কামনা যজ্ঞ কৰিবাক প্ৰতি॥
এক দিনা ৰাজা পাছে কৰিলন্ত থিৰ।
যজ্ঞ ভূমি চাই ফুৰে সাগৰৰ তীৰ॥
যিটো সাগৰৰ তীৰে সফুৰা আছিল।
সিটো স্থানে ৰজা গৈয়া উপনীত ভৈল॥
বহলে হোৱ্য় সিটো যোজন প্ৰমাণ।
দীঘলে সাগৰ সিটো অসংখ্য গণন॥
তাহাৰ পাৰত হাল জোৰে নৃপবৰ।
বাহিৰে লাগিলা হাল অনেক বিস্তাৰ॥