পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৩)

নমো নাৰায়ণ, বিঘিনী খণ্ডন
 চৰণ ভাবি একান্তে।
পদ দীৰ্ঘ ছন্দে, ৰচিলো আনন্দে
 কহে দ্বিজ উমাকান্তে॥

⸺⸺:০:⸺⸺

পদ।

আত অনন্তৰে শুনা সভাসদ চয়।
এহিমতে কন্যা তপ কৰিয়া আছয়॥
উনৈশ বৎছৰ কন্যা তৈতে যেবে ৰৈলা।
শুনা আত অনন্তৰে যেন কথা ভৈলা॥
এক দিনা সেহিস্থানে গৈলেক ৰাৱণ।
পৰম আনন্দে গৈয়া ভৈলা উপসন্ন॥
হিমৱন্ত গিৰীৰাজ পৰম শোভন।
তাৰ শৃঙ্গ চাই ফুৰে অবধ্য ৰাৱণ॥
আনন্দে চাহিয়া ফুৰে দু্ৰ্জ্জেয় ৰাৱণ।
পাছে পৰ্ব্বতৰ শৃঙ্গে চড়িলা দুৰ্জ্জন॥
আশ্ৰমেক আছে তাত আতি বিতোপন।
পৰম বিচিত্ৰ কন্যা বসি কৰে ধ্যান।
লাসে লাসে যাই পাছে সন্নিত ৰাৱ্ণ।।
কন্যাৰ ৰূপক দেখি আনন্দিত ভৈলাো॥