পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৯)

কৰন্ত প্ৰকাশ, তৰুণ বয়স
 সু্বলিত ভ্ৰুব আতি॥
মৃণাল সদৃশ, বাহু দুই খানি
 দেখন্তে পৰম প্ৰীতি।
বহল হৃদয়, তাতে হেম ময়
 মণি মুকুতাৰ হাৰ॥
পিন্ধি আছে গলে, ৰত্ন কণ্ঠ মালা
 ঝিলি মিলি পেচন্দাৰ।
ৰত্নৰ আঙ্গঠি, বলয়া মেখলা
 সুগম্ভীৰ ধীৰ মতি।
ললিত বলিত, প্ৰকাশে আঙ্গুলি
 উৰু ৰাম কল কান্তি॥
ৰতনে খছিত, কঙ্কালে মেখেলা
 পাত পীত নেত্ৰ সাৰি।
তাতে সাৰি সাৰি, ৰত্নৰ কিঙ্কিণী
 বাজে ৰূণু ঝুনু কৰি॥
দশো আঙ্গুলিত, সোণৰ আঙ্গঠি
 চিকি মিকি কৰে কান্তি।
দুই চৰণত, সোণৰ নেপুৰ
 সিয়ো শোভা কৰে আতি॥
লক্ষ্মী সৰস্বতী, দুইহানো শকতি
 আসি যাতো এক ভৈলা।