পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এদিন পুৱা ন-মান বজাত আস্পাতালত আছোঁ। কেইজনমান ডেকা লৰাই এজনী অতি জীৰ্ণ অবস্থাৰ মাইকী মানুহক লৈ আহিছে। দেখিলেই বুজা যায়, বলিয়া। বাটৰ কাষত পৰি আছিল, প্ৰায় মৃত অৱস্থাত।

 “ও বাছা পানী খোৱা⸺মইনা পানী”⸺অতি ক্ষীণ মাতত তাই এই কথা কয়; আৰু গিৰ গিৰ কৈ চকু লো পৰি তাইৰ মুখ ভিজে, তাইৰ পিন্ধা ফটা কানি খন ভিজে আৰু তাই ঠিয় দিয়া তলৰ মাটিও ভিজি উঠে।

 চিনিবৰ বাকী নথাকিল। হায় বিধাতা, যাৰ সন্তানক মই ডাক্তাৰী বিদ্যাৰে হত্যা কৰিলোঁ, তাক এই দুৰ্দশাগ্ৰস্ত কৰি মোৰ হাতত পেলাই দি মোকেই শাস্তি দিছা নে কি?

 পতি-পাল কৰালোঁ। কিন্তু স্নেহৰ জীৱন্ত মূৰ্তি স্বৰূপ মাতৃৰ উপযুক্ত ঠাই পৃথিবীত নাই। এদিনো এটোপা পানী নাখাই পিয়াহত অণ্ঠ-কণ্ঠ শুকাই মাতৃয়ে মৰ্ত্য ভূমি এৰিলে।

(৩)

 আৰু এতিয়া⸺কু-বিজ্ঞানেৰে দুটি জীৱৰ হত্যা কৰি চেনেহৰ কোমল অঙ্কুৰ তীক্ষ্ণ জ্ঞান-বিষেৰে নষ্ট কৰি⸺ এতিয়া ডাক্তাৰি শাস্ত্ৰে কয়—টাইফয়েড হলে নৰীয়াই খাব খোজে মানে পানী দিবা! স্বভাৱক বাধা নিদি সহায় কৰিবা।

 ধিক্‌ বিজ্ঞান। ধিক তোৰ আত্মম্ভৰিতাৰ মহা মূৰ্খামি।