শ্ৰীকৃষ্ণ বলৰাম আৰু গোপবালকসকলৰ নাচনৰ ঠাইত মাইকীৰ সাজ পিন্ধা ‘ছোক্ৰা’ আৰু কলিকাতাৰ নটীৰ নাচৰ আমদানি হইছে; ভাওনাৰ ধৰ্ম আৰু আনন্দৰ ঠাই থিয়েটাৰৰ আমোদ আৰু অশ্লীলতাই অধিকাৰ কৰিছে!
বায়নৰ তে হি দিবাসাঃ গতাঃ! সেই দেখি গাওৰ এক চুকত অনাদৃত হৈ বায়ন পৰি থাকে।
কেতিয়াবা যাত্ৰাৰ কথা শুনি চাবলৈ যায়⸺আৰু তাত
সাজ-পাৰৰ চাক-চিক্য, ৰাধা-কৃষ্ণৰ প্ৰেমাভিনয়ৰ অশ্লীলতা,
দৰ্শকৰ মুখত পাণ-চুৰট মাজে-মধ্যে মদৰ দুৰ্গন্ধ, আৰু অন্তৰত
অনুভূতি-বিহীন আমোদ উপভোগৰ বাঞ্ছা দেখি ব্যথিত
হৃদয় খনি লই ফিৰি আহে। তেতিয়া মনত পৰে সেই
দিনৰ কথা, যেতিয়া শ্ৰীকৃষ্ণ সাঁজিছিল কেৱল গোঁসাই-মহন্তৰ
লৰাই হে; যেতিয়া ৰঙ্গভূমিত শ্ৰীকৃষ্ণৰ প্ৰবেশ হোৱা
মাত্ৰে সমজ্যাৰ লোকৰ হৰি-ধ্বনিৰ ৰোলত আকাশ উপচি
পৰিছিল, আৰু সেই মহা-মহিম চিৰন্তন শ্ৰীকৃষ্ণৰ প্ৰীতি-উদ্দেশে
দিয়া ভক্তিৰ অঞ্জলি পাই ভাওনাৰ শ্ৰীকৃষ্ণও এক অপূৰ্ব
গৌৰৱত উদ্ভাসিত হই উঠিছিল। তেনে গৌৰৱময় দিনৰ
কথা, যেতিয়া খেৰৰ কালি-নাগে ভক্ত-দৰ্শকৰ প্ৰাণৰ
স্পৰ্শ পাই হাজাৰ ফণা ধৰি প্ৰকৃত কালি-নাগ, হই
ফোঁফাই উঠিছিল আৰু মূৰত শ্ৰীকৃষ্ণৰ অৰুণ পদ-কমল
লই ব্ৰহ্মপুত্ৰত পৰি কৃষ্ণৰ সহিত অন্তৰ্ধান হইছিল।