পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বায়ন।

(১)

 ৰামে আক্ষেপ কৰি সীতাক কইছিল—“তে হি নো দিবসাঃ গতা”—যেতিয়া গুৰুজনসকলে আদৰ-মৰম কৰি আমাক লালন কৰিছিল, সীতা, সেই দিন আৰু আমাৰ নাই।

 আমাৰ মাজত অনেকেই সেই প্ৰাচীন আক্ষেপ কৰি কবলগীয়া হয়, “তে হি নো দিবসাঃ গতাঃ ”।

 বায়নৰো “তে হি দিবসাঃ গতাঃ।” যেতিয়া তেওঁৰ খোলৰ ঢা-টিক-ধিং-টিং ৰোল আৰু তেওঁৰ গলৰ সুহাই ৰাগ শুনিবলৈ হাজাৰ-বিজাৰ মানুহ সভাত গোট খাইছিল, আজি আৰু সেই দিন নাই। প্ৰাচীন খোল-কৰতালৰ ঠাই ডাইনা- বাৱা বেহেলা-হাৰমোনিয়মে অধিকাৰ কৰি বহিছে; প্ৰাচীন ভাওনাৰ ঠাইত যাত্ৰা-থিয়েটাৰৰ আবিৰ্ভাৱ হৈছে। প্ৰাচীন