পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

তিনি কুৰি টকা।

 তিনি কুৰি টকাৰে কি কৰিব পাৰি, কোৱা।

 প্ৰথমতে, আগৰ দিনত হোৱা হলে (অৰ্থাৎ যুদ্ধৰ পূৰ্ব যুগত) এই টকাৰে এটা ‘ভেইন্না’ (ভেৰোনীয়া) ৰাখিব পাৰি, এহাল ভাল জাতি গৰু কিনিব পাৰি, আপী বিয়া কৰাবলৈ হলে এটা আপীৰ গা-ধনো দিব পাৰি। আৰু কলেজত পঢ়া লৰা এটাৰ এবছৰৰ মাছুল, দুই মাহৰ খৰচ, তিনিজোৰা পোছাকৰ দাম, ইত্যাদি, এই পৰিমাণৰ টকাৰে যোগাব পাৰি। আৰু কেৰাণী এজনৰ এমাহৰ দৰমহা, শিক্ষক এজনৰ সাড়ে-সাত মাহৰ বেতন, চাকৰ এটাৰ চাৰি মাহৰ তলব, হাকিম এজনৰ তিনদিনৰ ‘পে’, চাহাব এটাৰ ওঠৰ ঘণ্টাৰ ‘চেলেৰী’ দিব পাৰি। আৰু সৰু সুৰা দুটা ভেটি, মাজা মাজি আঢ়ৈ টা ভেটি আৰু ডাঙৰ পোৱা টা ভেটিৰ দিহা এই টকাৰেই কৰিব পাৰি।