পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

ফালে পোন কৰি থৈ আত্মপ্ৰসাদ লাভ কৰিব পৰা হব লাগে এই চৰিত্ৰ-মন্দিৰটি।

 প্ৰতিৰোধ-শক্তি (Resistance) চৰিত্ৰ-মন্দিৰৰ ভেটি হব লাগে। জীৱন এটা ধাৰাবাহিক প্ৰতিৰোধৰ ফল। নৰিয়াৰ প্ৰতিৰোধ, নৈসৰ্গিক আক্ৰমণৰ প্ৰতিৰোধ, হিংসাকুৰীয়া জন্তুৰ আক্ৰমণৰ প্ৰতিৰোধ, কুসঙ্গজনিত কুভাবৰ প্ৰতিৰোধ, স্বাৰ্থপৰ, বিদ্বেষী আৰু খলৰ আক্ৰমণৰ প্ৰতিৰোধ, নীহ, কুট, নিন্দক আদি নিষ্কাৰণ বৈৰীৰ আঘাতৰ প্ৰতিঘাত, জীৱন ৰক্ষাৰ নিমিত্তে আৱশ্যক। প্ৰতিঘাতৰ শক্তি বা বলে মানুহক সকলো অৱস্থাতে পোন হৈ থাকি কৰ্ত্তব্য পালন কৰিবলৈ বল দি যোগ্য কৰে। এই শক্তিৰে অনুপ্ৰাণিত হৈ মানুহে স্বচ্ছন্দে জীৱিকা