পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
বাখৰ।
 

আগত তোমাৰ business policy ব্যৱসায়াত্মিকা কূট বুদ্ধি গ্ৰাহ্য নহয়।

 সাহ চৰিত্ৰ গঠনত বৰ দৰ্‌কাৰ৷ কিন্তু সৎ সাহহে (moral courage)৷ আমাক এনে সাহ লাগে যাক ইংৰাজী ভাষাত Fortitude বোলে৷ এই সাহে মনলৈ এনে বলে আনে, যাৰ দ্বাৰাই ক্ৰোধ, ভয় ইত্যাদিৰ ওপৰত আমাৰ কৰ্ত্তৃত্ব হয়৷ সমুখত উপস্থিত হোৱা বিপদ এই সাহৰ আগত কোঁচ খাই যায়৷ যদি সেই বিপদ এনেকুৱা হয় যে সি দুৰ্ণিবাৰ, অদম্য, তথাপি এই সৎসাহে আমাক বীৰৰ নিচিনাকৈ সেই বিপদৰ সমুখ হৈ তাৰ আক্ৰমণ সহ্য কৰিবলৈ শিকাব৷ যি বিপদৰ কোনো প্ৰতিকাৰ নাই তাক বুকু পাতি নিৰ্ভয়ে সহ্য কৰাটোও সাহৰেহে কাম৷

২৫