সমললৈ যাওক

পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

মানুহৰ জীৱনত বিপদ আহিয়েই থাকে, সেইদেখি সাহক জীৱনৰ এৰিব-নোৱাৰা লগৰীয়া কৰি লব লাগে। বিপদ যেনেকুৱাই হওক সি আহি আগত পৰিলে, থিৰ হৈ মুখত মিচিকীয়া হাঁহিৰে তাৰ সমুখ হব লাগে।

 মানুহৰ দোষ ক্ষমা কৰিবা। ক্ষমাত মহত্ব আৰু দেৱত্ব আছে, আৰু সি তোমাৰ চৰিত্ৰত প্ৰতিভাত হৈ তোমাক আৰু ওখ আৰু মহৎ কৰিব। ক্ষমাই মনলৈ দয়াৰ বাট, প্ৰেমৰ বাট মুকলি কৰি ৰাখে। যি দোষ কৰে, তাৰ ঠাইত তোমাৰ মনতে তোমাক বহুৱাই চাবা, তেনেহলেই তুমি তেওঁক ক্ষমা কৰিব পাৰিবা। হিংসা, খিয়াল, দ্বেষ, ক্ৰোধ আদি নানা অৱস্থাত পৰি মানুহে পশুত্ব প্ৰাপ্ত হৈ পৰৰ বিৰোধ

২৬