পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

ওখ আদৰ্শ মনত লৈ সংসাৰত বাট বুলিলে তুমিও ওখ হবা। ক্ষুদ্ৰ আদৰ্শ বা আদৰ্শ-বিহীন হৈ চলিলে তোমাৰ উন্নতি মৰুভূমিত পানী বিচৰাৰ নিচিনা। উন্নত হব নোৱাৰিলে নিশ্চয় অধঃপাত, কাৰণ সংসাৰত একে ঠাইতে থাকিব কোনেও কেতিয়াও নোৱাৰে। হয় তুমি আগবাঢ়িব লাগিব, নহয় পিছপৰি যাবলৈ বাধ্য হবা। ডাঙৰ ভাব, ওখ চিন্তা, ওখ আৰ্হি লৈ বাট বুলাঁ, ভয় নকৰিবা, তুমি দিনক দিনে উন্নতিৰ বাটত নিশ্চয় আগুৱাবা। ওখ আদৰ্শ ওখ চিন্তা মানে শূন্যত অট্টালিকা নিৰ্ম্মাণ নহয়। সম্পূৰ্ণক আগত ৰাখি চলিলে লাহে লাহে সম্পূৰ্ণৰ অংশবিলাক তোমাৰ ক্ষমতাৰ আয়ত্বাধীন হব। সুন্দৰক আৰাধনা কৰাঁ তুমিও সুন্দৰ হবৰ ফালে যাবা। ঈশ্বৰ সত্যং শিবং সুন্দৰং। এই

২০