পৃষ্ঠা:বাখৰ বেজবৰুৱা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাখৰ।
 

মাত এষাৰেই লাখটকীয়া। যি তেনে মাত অন্তৰেৰে সৈতে দিছে, আৰু যি অন্তৰেৰে সৈতে গ্ৰহণ কৰিছে, সিহে তাৰ প্ৰকৃত মোল বুজে। তুমি জানিবা ভাল মাতষাৰেৰে লোকৰ কোনো উপকাৰ কৰিব নোৱাৰিলাই, তথাপি তাৰ দ্বাৰাই এইটো প্ৰমাণ হল যে, মনুষ্যজাতিৰ প্ৰতি দয়া কৰুণা আৰু সহানুভূতিৰ ভাব প্ৰত্যেক মানুহৰ অন্তৰতে আছে। আন একো নহলেও তুমি ঈশ্বৰৰ সৃষ্টিৰ মূল সত্য কৰুণা, সহানুভূতি আৰু ন্যায়ৰ সন্মান ৰক্ষা কৰি তোমাৰ কৰ্ত্তব্য পালন কৰিলা তো। কিন্তু এইটো জানিবা যে পৃথিৱীত ন্যায় আৰু প্ৰেম এই দুটাই ঘাই পদাৰ্থ।

 চৰিত্ৰ-মন্দিৰৰ আন এটা উপাদান ওখ আদৰ্শ।

১৯