আহিন, ১৮৩২) মহাপাপৰ মহাপচিত। ৩৩৯ বাছাই মোৰ বুকুৰ ভিতৰত সোধ্যই দুইখন হাতেৰে ডিঙিটো সাবট ধৰি কলে-“দেউতা, ফাইলে আমাৰ গৰা কন্যাৰ বিয়া। মালতী সখীৰ কন্যা আৰু মোৰ দৰ। মই ৰাৰ মাক। এই পানী ভুলিযলৈ যাব লাগিব নহয়? ভাদৈ বাইয়ে কৈছে, মই হেনো যাব নোৱাৰে।। দেউতা মই যাম দেই? মোক যাবলৈ দিবি দেই। আৰু তাইক কৈ মোক নাক গঢ়া খাৰুজোৰ আৰু হাৰডাল উলিয়াই দিয়াবি দেই। বাইক কোৱাত আয়ে একো নেতি বুলি শোৱা-ঘৰত দুৱাৰ দি সোল।ৈ দেউতা, অয়েলো কি খং কৰিছে? মোক দেখোন আজি নেমাতেই। গেইত। মোক কাইলৈ যাবলৈ দিবি দেই। মই যে দৰাৰ মাক। যই নগলে কেনেকৈ হব?" হৰি হৰি। মোৰ কপালত ইও আছিল। অয়াময়, যে শোক বাটিৰ গগনিখিনিও ধুৱাই হে এৰিলা! উঃ কি জুই! কি পোৰণি। গোটেইখন সভ্য জগৎ বিচাৰ, পাতিপাতিকৈ বিচাৰি আহা, এনে- কুৱা আচৰিত অভিনৱ কোমল নিৰ্ম্মল পবিত্ৰ আজলী নিচতী সাক্ষাৎ পুণ্য মূৰুতি বিধৱাৰ প্ৰতিমাখনি, এই “সৰ অৱতাৰৰ কাৰণ নাৰায়ণৰ চেনেহৰ শীলাক্ষেত্ৰ এই প্ৰসিদ্ধ আৰ্যবৰ্তৰ বাহিৰে আৰু আন ঠাইত কতো নোপোৱা! নাই। প্ৰাচীন ভাৰতৰ চৰমোক প্ৰাচীন সভ্যতাৰ অতুলনীয় গৌৰৱৰ ভাৰতীয় বাল বিধবাই আচৰিত কীৰ্তি-শশিৰ ভগবান আহ, গত দেৱতাসকলক লৈ আহিব, আহি চোৱাহি, মৰ্ত্যলোকত বাপেক মাকৰ জ্ঞানকৃত পাপৰ বোৰা নজনা নুবুজা নিৰীহ নিৰ্দোষী কেচুৱা সন্তান সন্ততিয়েকেনেকৈ নম-নোবোতাকৈ মনে মনে বলৈ শিকিছে। আহ ভগবান, চোৱাহি এই দৃশ, দেখিলে, অকল। দেৱতাসকলে কি, তুমিয়ে প্ৰস্তু, চকুৰ লো টুকিব লাগিব। উমেশচন্দ্ৰ বৰুৱা।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৮৯
অৱয়ব