পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 29 ) আজি অসমীয়াৰ, বাজিল বীণৰ তাঁৰ, ছিগা-বীণ, ভাল হল, কিনো প্ৰভুৰ লীলা ললিত—আড়৷ ৷ পূৰুব গগনে ঊষা, চোৱ৷ চোৱাঁ লগৰীয়া । ওলাব মুথ-সূৰূজ, কৰি দিশ জেউতীয়া H চোৱাঁ আশা মিটিকায়, আৰু ভয়-ভ্ৰান্তি নাই, জানিবা হে অন্তহল দুখৰ ৰাতি কলিয়া ৷৷ সুখৰ পূৰ্ব্ব কটকী, মাতিছে চৰাই জাকি, ঈশ্বৰৰ গুণ গাওঁ, আই৷ ভাই অসমীয়া ॥ 11 সিন্ধুৰ৷ খাম্বাজ—ঢিমা তেতাল। আহে চোৱাঁ ভাগ্য-লক্ষ্মী, সুথ-বাঁহী বাজে । আজি হিয়া-জুৰি, আনন্দৰ জুৰি, ভ্ৰমে মনোৰম হেৰা, অন্তৰৰ মাজে ॥ যোৱ৷ অসমীয়া, যোৱা হে এতিয়া, লক্ষ্মীক আদবি আনা সুমঙ্গল সাজে।