১২৫। ওপৰত দিয়া নিয়মটো, অৰ্থাৎ নাজানো কথাৰ ঠাইত নেজানো হোৱা নিয়ম, প্ৰাকৃত ভাষাৰ পৰা অহা। অসমীয়া ভাষা উত্তৰ ভাৰতৰ আন আন ভাষাৰ নিচিনা আদিতে প্ৰাকৃতৰ পৰা ওলোৱা ভাষা। গতিকে তাৰ ভিতৰত অনেক প্ৰাকৃতৰ শব্দ, আৰু নিয়ম প্ৰণালী চলিত আছে। প্ৰাকৃত ভাষাৰ নিয়ম অনুসাৰেই ৰাজাৰ সলনি ৰজা, তাৰাৰ সলনি তৰা, মালাৰ সলনি মলা, বিধাতাৰ সলনি বিধতা অসমীয়াত ব্যৱহাৰ হয়।
১২৬। সম্প্ৰতি ক্ৰিয়া হোৱা নাই অলপতে হব, এই ভাবত ক্ৰিয়া বিশেষণ নৌ নিত্য বৰ্ত্তমান কালৰ ক্ৰিয়াৰ আগত ব্যৱহাৰ হয়। যেনে, সি নৌযায়, অৰ্থাৎ সি এতিয়াও যোৱা নাই, কিন্তু সোনকালে যাব। সেইদৰে, নৌখায়, নৌদিয়ে, নৌশোৱে, ইত্যাদি।
১২৭। ক্ৰিয়াত নৌ যোগ হলে, বাক্যত প্ৰায় এটা এথোন শব্দ ব্যৱহাৰ হয়। যেনে, সি নৌযায় এথোন, বা সি এথোন নৌযায়।
১২৮৷ প্ৰশ্নাৰ্থত ব্যৱহাৰ হলে, নৌ ক্ৰিয়াৰ পাচলৈ যায়, আৰু তাৰ আগত এটা নে অব্যয় শব্দ থাকে। যেনে, সি ভাত খালে নে নৌ? সিগল নে নৌ? প্ৰশ্নত নৌ কেৱল স্বৰূপ বৰ্ত্তমান, স্বৰূপভূত, আৰু ভবিষ্যৎ কালৰ ক্ৰিয়াৰ পাচতহে বহে।
১২৯৷ প্ৰশ্নাৰ্থত সাম্ভব্যভূত কালৰ বাজে আন সকলো