হয়। যেনে, গল নগল, যায় নাযায়, দিয়ে নিদিয়ে, ধোৱে
নোধোৱে, উঠে নুঠে।
১২০৷ ক্ৰিয়াৰ আদিত ঐ-কাৰ থাকিলে, নত অ-কাৰ মাথোন যোগ হয়। যেনে, হৈছিল নহৈছিল, গৈছিল নগৈছিল।
১২১। পাৰ্ ক্ৰিয়াৰ আগত ন্ থাকিলে, তাত ও-কাৰ যোগ হয় আৰু ক্ৰিয়াৰ পা মৰি ৱা হয়। যেনে, পাৰ নোৱাৰ, পাৰে নোৱাৰে, পাৰোঁ নোৱাৰোঁ।
১২২। অনুকাৰ শব্দৰ পৰা হোৱা ধাতুৰ ক্ৰিয়াত ক্ৰিয়া বিশেষণ ন্ যোগ হলে, সি অনুকাৰ শব্দ দুটাৰ মাজত থাকে। আৰু শেষ শব্দটোৰ আদিত যি স্বৰ থাকে নতো সেই স্বৰ হয়। যেনে, গছডাল ভাগি পৰোঁতে মৰ্ নমৰালে, পেটে খল্নখলায়, ঘৰিয়ে টংনটঙায়। সেই দৰে, কোৰ্নোকোৰায়, গুম্নুগুমায়। কিন্তু দ্বিতীয় অনুকাৰ শব্দটোৰ আদিত ঔ-কাৰ থাকিলে নত অ-কাৰ মাথোন যোগ হয়। যেনে, পানীয়ে চৌনচৌৱায়।
১২৩। ক্ৰিয়াৰ আদিত অকলশৰীয়া স্বৰ থাকিলে, ন্ সেই স্বৰৰ লগ লাগে। যেনে, ন+আহিল = নাহিল, ন+ এৰে = নেৰে।
১২৪। ক্ৰিয়াৰ আদি ব্যঞ্জনত আকাৰ যোগ থাকিলে, নত হোৱা আ-কাৰ এ-কাৰ হয়, নহৈও থাকে। যেনে, নাপায় নেপায়, নাযায় নেযায়, নাখায় নেখায়, নাজানো নেজানো, ইত্যাদি।