(কৰ্ম্মবাচ্যত) দিব (ইব প্ৰত্যয়ান্ত পদ)—লাগ+ঈয়া=দিবলগীয়া। সেইদৰে, কৰিবলগীয়া, যাবলগীয়া, ইত্যাদি।
পাঁচনি ধাতুত কৃৎ প্ৰত্যয়।
১১৪। পাঁচনি ধাতুত সম্ভব মতে, কৰ্ত্তৃ আৰু ভাববাচ্যত কেতবিলাক কৃৎ প্ৰত্যয় যোগ হয়, এটাইবিলাক নহয়।
পাঁচনি এটাইবিলাক ধাতু আ-কাৰান্ত। এতেকে আনবিলাক আ-কাৰান্ত ধাতুত কৃৎ প্ৰত্যয় যোগ হলে, ধাতুৰ যেনে ৰূপ হয়, পাঁচনি ধাতুবিলাকৰো প্ৰায় তেনে ৰূপ হয়।
উৱা আৰু ওৱা প্ৰত্যয়ান্ত পাঁচনি ধাতুত কৃৎ প্ৰত্যয় যোগ হোৱাৰ উদাহৰণ অতি বিৰল। কেৱল ভাববাচ্যৰ প্ৰত্যয় আ মাথোন যোগ হোৱা দেখা যায়। ধাতুত আ প্ৰত্যয় কৰিলে যি পদ পোৱা যায়, সি প্ৰায় বিশেষ্যৰ নিচিনা। ক্ৰিয়াক বিশেষ্য ৰূপে ব্যৱহাৰ কৰিবলৈ অনেক ধাতুত আ প্ৰত্যয় কৰা হয়। পাঁচনি ধাতুতো এই উদ্দেশ্য সিদ্ধিৰ নিমিত্তেই মাজে সময়ে আ প্ৰত্যয় কৰে। কিন্তু আ প্ৰত্যয়ান্ত পাঁচনি ধাতুত কৃতৰ আ প্ৰত্যয় কৰিলেই সেই উদ্দেশ্য সিদ্ধ হয়। সচৰাচৰ মানুহে উৱা বা ওৱা প্ৰত্যয়ান্ত পাঁচনি ধাতুত কৃতৰ কোনো প্ৰত্যয়কে যোগ নিদিয়ে। আ প্ৰত্যয়ান্ত পাঁচনি ধাতুৰ দ্বাৰায় মানুহৰ ভাব সুন্দৰৰূপে প্ৰকাশ কৰা যায়। উৱা ও ওৱা প্ৰত্যয়ান্ত পাঁচনি ক্ৰিয়াৰ বিশেষ প্ৰয়োজন নহয়।
১১৫। কৃৎ প্ৰত্যয় যোগ দিলে, পাঁচনী ক্ৰিয়াৰ কেনে ৰূপ হয়, তাৰ আৰ্হি তলত দিয়া হল। যেনে,—