৯১। টি, খিনি, ফেৰি আদি তদ্ধিত প্ৰত্যয়, বা বহুবচনৰ চিন, বা বেলি বা পৰ শব্দ পাচত থাকিলে, এতেক, তেতেক, কেতেক, আৰু যেতেক সৰ্ব্বনামৰ শেষৰ ক লোপ হয়। যেনে, এতেটি চাউল, এতে বেলি, এতে পৰ, কেতে বেলি, কেতে পৰ, যেতে ফেৰি, এতেবোৰ, তেতেবিলাক, ইত্যাদি।
৯২। বহুবচনৰ চিন বোৰ, বিলাক যোগ হলে কেতেক শব্দ কেত্ হয়। যেনে, কেত্বোৰ, কেতবিলাক।
কালবোধক—সৰ্ব্বনাম।
৯৩। যিবিলাক সৰ্ব্বনাম শব্দে সময় বুজায় সিহঁতক কালবোধক-সৰ্ব্বনাম বোলে।
৯৪। কালবোধক সৰ্ব্বনাম:—এতিয়া, তেতিয়া, কেতিয়া, যেতিয়া, কাহানি, তাহানি, অথনি, আজি, কালি, পৰশুই বা পৰহি।
১৫। কালবোধক সৰ্ব্বনাম দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, আৰু যষ্ঠী বিভক্তিত ব্যৱহাৰ হয়। যেনে, এতিয়াৰে সৈতে আগৰ দিন একে নহয়, এতিয়াৰ পৰা লিখিলেহে লিখি অঁতাব পাৰিব৷ তাহানিৰ কথা মনত আছে নে? এতিয়াক তেতিয়া যেন নাভাবিব। তেতিয়ালৈ সি যাবই।
৯৬। বিভক্তি যোগ নহলে কালবোধক-সৰ্ব্বনাম ক্ৰিয়া- বিশেষণ হয়। যেনে, সি কালি গল, কাহানি আহিলা?