এইবিলাক সৰ্ব্বনামৰ পাচত সংজ্ঞা শব্দ নাথাকিলে, সিহঁত ব্যক্তিবোধক সৰ্বনাম হয়।
৮৬। ই আৰু সি একবচনত কেৱল নিৰ্জীৱ বস্তুতহে ব্যৱহাৰ হয়, বহুবচনত সজীৱ নিৰ্জ্জীৱ দুয়োতে ব্যৱহাৰ হব পাৰে। যেনে, ই পুৰি, সি পুৰি, কিন্তু ইবোৰ গাখীৰ, ইবোৰ লৰা, সিবোৰ পানী, সিবোৰ মানুহ।
৮৭। আপোন বিশেষণ-সৰ্ব্বনামৰ বহুবচনৰ ৰূপ নাই। বহুবচনতো তাৰ ব্যক্তিবোধক-সৰ্ব্বনাম আপোনৰ একবচনৰ ৰূপৰ নিচিনা ৰূপ হয়। কিন্তু সংজ্ঞা শব্দৰ যি কাৰক, তাৰো . সেই কাৰক হয়। যেনে, মই আপুনি দিছিলোঁ, মোৰ আপোনাৰ ভাই, সিহঁতে আপুনি যাব, তোমালোকৰ আপোনাৰ ঘৰ।
৮৮। এইয়া, সেইয়া, সৌৱা, এই কেইটা বিশেষণ- সৰ্ব্বনামৰ লগত সংজ্ঞা শব্দ প্ৰকাশ নাথাকে।
৮৯। প্ৰায় বিশেষণ-সৰ্ব্বনামৰ পাচত একবচনত টো, জন, ডাল আদি তদ্ধিত প্ৰত্যয় যোগ হয়, কিন্তু এইয়া, সেইয়া, সৌৱা, অকল, স্বয়ং, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান এই কেইটা সৰ্ব্বনামত যোগ নহয়।
৯০। এটা বিশেষণ-সৰ্বনাম দুবাৰ উক্ত হলে, তাৰ সংজ্ঞা শব্দ ভাবত বহুবচন হয়। যেনে, কোনো কোনো পণ্ডিতে বিধৱাৰ বিবাহ শাস্ত্ৰসঙ্গত বুলি কয়, অৰ্থাৎ কিছুমান পণ্ডিতে।