৭২। যি সৰ্ব্বনামৰ পৰা উৎপন্ন:—যি, যোন, যেই, যেনে, যেনেবা, যেনেকুৱা, যিমান, যেতেক।
৭৩। কোন সৰ্ব্বনামৰ পৰা উৎপন্ন:—কোন, কোনো, কোনোবা, কি, কেই, কেনে, কেনেবা, কেনেকুৱা, কিমান, কেতেক।
৭৪। এইবিলাকৰ বাজে আৰু বিশেষণ সৰ্ব্বনাম:— অকল, স্বয়ং, আপোন, অন্য, আন, সকলো, আটাই বা এটাই, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান।
৭৫। বিশেষণ সৰ্ব্বনাম সদায় এটা সংজ্ঞা শব্দৰ আগত থাকে। সেই সংজ্ঞা শব্দ বাক্যত প্ৰায় প্ৰকাশ থাকে, কেতিয়াবা উহ্যও থাকিব পাৰে।
৭৬। স্বয়ং আৰু আপোন সৰ্ব্বনামত বাজে আনবিলাক সৰ্ব্বনাম সদায় তৃতীয় পুৰুষ। স্বয়ং আৰু আপোন যি সংজ্ঞা শব্দৰ আগত থাকে, সেই সংজ্ঞা শব্দৰ পুৰুষেই সিহঁতৰ পুৰুষ হয়। বিশেষণ সৰ্ব্বনামৰ লিঙ্গ নাই।
৭৭। এইয়া, সেইয়া, সৌৱা, যেই, কেই, যেনেবা, অকল, স্বয়ং, কিছু, কিছুমান, কিঞ্চিৎ, কিঞ্চিৎমান, এই কেইটাত বাজে বাকীবিলাক বিশেষণ সৰ্ব্বনাম দুয়ো বচনত ব্যৱহাৰ হয়।
৭৮। বিশেষণ সৰ্ব্বনাম বহুবচন হলে, তাৰ সংজ্ঞা শব্দ একবচনৰ ৰূপত থাকে। যেনে, এনে লৰা, এনেবিলাক লৰা, যি লৰাই, যিবিলাক লৰাই।
৭৯। কিছু আৰু কিছুমান সদায় বহুবচন, আৰু সিহঁত