৬৬। বিনে আৰু বিনা শব্দৰ যোগত শব্দত সপ্তমী বিভক্তি হয়। যেনে, ঈশ্বৰত বিনে তাৰোঁতা নাই। বিনা ধনে কোনো কাম নিসিজে, (সপ্তমীৰ অত কেতিয়াবা এ হয় )।
৬৭। উঠ, পৰ, বহ, ধৰ, কোবা আদি ক্ৰিয়াৰ যোগত শব্দত সপ্তমী বিভক্তি হয়। যেনে, গছত উঠ, হাতীত উঠ, মাটিত পৰিল, পানীত পৰিল, পিৰাত বহিছে, হাতত ধৰ, চুলিত ধৰ, মূৰত কোবা।
হাতত সাৰে ভৰিত সাৰে, দোপত দোপে, দিনক দিনে, কথাক কথাই, তিৰীক তিৰী, এইবিলাক খণ্ড বাক্যত থকা শব্দবিলাকৰ বিভক্তি মনত ৰাখা উচিত।
বিশেষণ – সৰ্ব্বনাম।
৬৮। যিবিলাক সৰ্ব্বনাম শব্দে সংজ্ঞা শব্দবিলাকৰ ভিতৰত প্ৰভেদ দেখুৱায়, সিহঁতক বিশেষণ সৰ্ব্বনাম বোলে।
৬৯। বিশেষণ সৰ্ব্বনাম প্ৰায়বিলাকেই, ই, সি, যি, আৰু কোন ব্যক্তিবোধক সৰ্ব্বনামৰ ৰূপভেদ, অৰ্থাৎ সেই বিলাক সৰ্ব্বনামৰ পৰা উৎপন্ন হোৱা শব্দ।
৭০। ই সৰ্ব্বনামৰ পৰা উৎপন্ন:— ই, এই, এইয়া, এনে, এনেকুৱা, ইমান, এতেক।
৭১৷ সি সৰ্ব্বনামৰ পৰা উৎপন্ন:—সি, সেই, সেইয়া, সৌ, সৌৱা, তেনে, তেনেকুৱা, সিমান, তিমান, তেতেক।