৪৯। কেতিয়াবা ধন্য শব্দৰ যোগতো দ্বিতীয়া বিভক্তি হয়। যেনে, তোমাক ধন্য, তোমাৰ বুদ্ধিক ধন্য (বিৰল)।
তৃতীয়া বিভক্তি৷
৫০। সৈতে শব্দৰ যোগত শব্দত তৃতীয়া বিভক্তি হয়। যেনে, মই গোপালেৰে সৈতে গৈছিলোঁ।
৫১৷ বিশেষ কৰি দেখুৱাবলৈ নাম শব্দ ব্যৱহাৰ হলে, তাতো তৃতীয় বিভক্তি হয়। যেনে, হাহ-হূহূ নামে (নামেৰে) এজন গন্ধৰ্ব্ব আছিল।
চতুৰ্থী বিভক্তি।
৫২। নমস্কাৰ, প্ৰণাম আৰু দণ্ডবৎ শব্দৰ যোগত শব্দত চতুৰ্থী বিভক্তি হয়। যেনে, আপোনাক নমস্কাৰ, সূৰ্য্যক প্ৰণাম, গুৰুক দণ্ডবৎ। এই এটাইবিলাকত চতুৰ্থীৰ অক বিভক্তি যোগ হৈছে। গুৰুলৈ দণ্ডবৎ, দেৱতালৈ প্ৰণাম, এনেকুৱাও হয়।
৫৩। যা, চা, পাহৰ আদি ধাতুৰ পৰা হোৱা ক্ৰিয়াৰ যোগতো চতুৰ্থী বিভক্তি হয়। যেনে, ঘৰলৈ গৈছে, মোলৈ পাহৰিলা, তোৰ মুখলৈ চাই পুতেৰক এইবাৰ ক্ষমা কৰিলোঁ।
৫৪। নিমিত্ত অৰ্থ বুজালেও চতুৰ্থী বিভক্তি হয়। যেনে, মোলৈ (অৰ্থাৎ মোৰ নিমিত্তে) ভাবিব নালাগে, তালৈ ভাত ৰান্ধিবা, ইত্যাদি।