এই দৰে ব্যঞ্জনান্ত শব্দৰো সম্বোধনত ভিন ভিন ৰূপ হয়, কিন্তু অসমীয়া ভাষাত নহয়। সংস্কৃত ব্যাকৰণৰ একেটা নিয়ম মাথোন অসমীয়া ভাষাত গ্ৰহণ কৰা দেখা যায়। সেই নিয়ম মতে অসমীয়াতো ঈ-কাৰান্ত স্ত্ৰীলঙ্গ শব্দ সম্বোধনত ই-কাৰান্ত হয়। যেনে, আই সৰস্বতি! মোক বিদ্য৷ দান কৰক, হঞে আহিনি, ইত্যাদি। কিন্তু এইটো নিয়মো সৰ্ব্বত্ৰ চলা নাই। অনেক প্ৰসিদ্ধ লিখকৰ পুথিত ঈ-কাৰান্ত স্ত্ৰীলিঙ্গ শব্দৰ ঈ সম্বোধনতো ৰাখা দেখা যায়; আমাৰ মতেও ৰখা উচিত। কিয়নো, এই সম্বন্ধে অসমীয়াত সংস্কৃত ব্যাকৰণৰ কোনোটো নিয়মেই নচলে, এনে স্থলত এটা নিয়ম চলাবৰ কাৰণ দেখা নাযায়।
৪৬। ধন্য শব্দৰ যোগত বিশেষ্যত প্ৰথমা বিভক্তি হয়। যেনে, ধন্য তুমি, তুমি ধন্য, ধন্য তোমাৰ বুদ্ধি, তোমাৰ বুদ্ধি ধন্য।
দ্বিতীয়া বিভক্তি।
৪৭। আদি, অনুসৰি, পৰ্য্যন্ত শব্দৰ যোগত শব্দত দ্বিতীয়া বিভক্তি হয়। কিন্তু অনেক ঠাইত বিভক্তিৰ চিন নাথাকে। যেনে, ফুকনকে আদি কৰি সকলোৱে তাৰ কথা শুনি বিস্ময় মানিছিল, আজি (আজিক) পৰ্য্যন্ত গৌৰীশিখৰলৈ, কেওঁ যাব পৰা নাই, আৰ্হি (আৰ্হিক) অনুসৰি কাম কৰিলে কামত আউল নালাগে।
৪৮। ধিক্ শব্দৰ যোগত বিশেষ্যত দ্বিতীয়া বিভক্তি হয়। যেনে, তোৰ জীৱনক ধিক্! কিন্তু ধিক্ শব্দ আগত থাকিলে বিভক্তিৰ চিন লোপ হয়। যেনে, ধিক্ তোৰ জীৱন, ধিক্ তোৰ বিদ্যা।