৷৷৴৹
বিষয়, তাক অভিধান চাই শিকিব লাগে। কিন্তু বেজাৰৰ কথা অসমীয়াত এই পৰিমিত তেনে দৰৰ অভিধান ওলোৱা নাই। হেমকোষত শব্দবিলাকৰ উচ্চাৰণ শব্দে শব্দে দিয়া নাই। কিন্তু পাতনিত কিছুমান নিয়ম প্ৰণালী দিয়া হৈছে। তাক পঢ়ি চালে বৰ্ণ আৰু শব্দৰ উচ্চাৰণ সম্বন্ধে অনেক কথা জনা যাব পাৰে।
ভাষাই পতি কোৱাৰ এটা সুকীয়া ধৰণ আছে। অসমীয়া ভাষাৰো এটা সুকীয়া ধৰণ আছে। সেই ধৰণটোক আমি অসমীয়া ভাষাৰ জতুৱা ঠাচ বুলিছোঁ। ঠাচ কথাৰ অৰ্থ ঠাচা বা সাঁচ। কোনো বস্তু গঢ়িবলৈ হলে তাৰ এটা সাঁচ মাটিৰে গঢ়িলোৱা হয়, আৰু তাতে ঢালি সেই গঢ়ৰ বস্তু প্ৰস্তুত কৰা হয়। অসমীয়া ঠাচত বা সাঁচত বাক্য নাঢালিলে সি যথাৰ্থ অসমীয়া নহয়। বঙ্গলা চোক-উঠেছে, বা পেট- নেবেছে এই দুই কথাৰ পৰিবৰ্ত্তে অসমীয়াত চকু উঠিছে বা পেট নামিছে বুলিলে বাক্য দুটা অসমীয়া নহব, সিহঁতক অসমীয়া ঠাচত ঢলা নহল। আচল ঠাচত ঢালিলে সিহঁত চকু নামিছে আৰু পেট বৈছে হব। আজিকালিৰ দিনত কিন্তু এনেকুৱা কথা বহুত পোৱা যায়। সেই নিমিত্তে বহল ব্যাকৰণত অসমীয়া ভাষাৰ জতুৱা ঠাচ সম্বন্ধে লিখা হৈছে, আৰু কিছুমান উদাহৰণো দিয়া হৈছে।
ব্যাকৰণ প্ৰণয়ন এটা টান কাম, ই হাতী মাৰি ভুৰুকাত ভৰোৱ কাম। এটা দীঘল ডাঙৰ ভাষাক তাৰ ডাল পাত