সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কালিকা জলত সিটো সৰ্পে আছে বেড়ি। আছোক মনুষ্য দেৱ পক্ষী নাবে উড়ি॥ চকলা চকলি পাত পানীত বাঢ়ে লতা। সিয়ে৷ লতা গুচাই চালে গোৱালিনী ৰাধা॥ কহেতে৷ মাধৱ দাসে এহি তত্ত্ব সাৰ। জনমে জনমে হৌক ভক্তি বাৰম্বাৰ॥ ৰাগ বৰাৰি। গোপাল গোৱালী পাৰাত নাচে মোৰ দয়াল গোৱালী পাৰাত নাচে। দধি বিকি আসি শুনিলা গোৱালী হৰি নাচিবাৰ কথা হে গোপাল কৃষ্ণয় নাচিবাৰ কথা। পহাৰ পেলাই লৱৰন্তে যাই কৃষ্ণক বেঢ়িল৷ তথা॥ সবে গোপী মিলি দেই হাত তালি বলাই ভাল কৰি নাচাহে গোপাল কৃষ্ণয় ভাল কৰি নাচা। হাতে টাৰ খাক দিবো চিনি লাক বাপুৰ মন পুড়ি বাঞ্চা। 22 )