সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত শুনিয়া বংশীৰ ৰাও চট ফট কৰে ৰাও ওলাইবাৰ সন্ধি নাপাওঁ॥ পানী আনিবাৰ চলে কাখত কলসী লৈলো গৃহৰ ওলালে৷ ছেগ ছাই। হেবা যাই যাই বুলি বুড়ী সাহু গেৰিয়াই গোৱালে আনিলে পণ্ঠে পাই॥ আফাল খাইবাৰ চলে কলসী ভাঙ্গিয়া থৈলো কোকাল ভাঙ্গিবাৰ চলে শুলো। শুনিয়া বংশীৰ গীত তনু ভৈলা জৰ্জ্জৰিত হামু নাৰী তৈতে নিদ্ৰা গৈলো॥ ৰান্ধি বাঢ়ি গোৱালেই হামাক মাতিবে লৈলা গৃহব আনিলা আঙ্কোৱালী। হামাৰ নুৰুচে ভাত গোৱালৰ মাথে হাত কহেতো শঙ্কৰে ৰাস কেলি॥ দিহা। প্ৰাণ গোপাল তোমাৰ বিনোদ হৰি জানিবো কেমনে। বৈকুণ্ঠ তেজিয়া কেলি কৰা বৃন্দাবনে॥ ( 50 )