এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
((৩৬) শুনা সভাসদ ইটো কথা নিৰন্তৰে। নৃপতিৰ আগে ইটো কহিলা শঙ্কৰে। জগত ঈশ্বৰ যিটো দৈৱকী নন্দন। তেহেন্তেসে ঈশ্বৰ হবি ব্ৰহ্ম সনাতন॥ কহিবেক কোন জনে লিলা গুণ সীমা। আদি অন্ত নাহি যাৰ অদ্ভূত মহিমা। মই মহা মন্দমতি পাতকী পৰম। তথাপিতো কহো মই জীৱৰ বিৰাম ক্ষেমিবাহা দোষ মোৰ সবে মহাজন। শঙ্কৰদেৱৰ বংশে জন্ম ভৈলা যেন তান নাতি হৈয়া নাজানিলো ধৰ্ম্ম কৰ্ম্ম। আক জানি সবে কৰিয়োক যেন মৰ্ম্ম শ্ৰৱণ কীৰ্ত্তন বিনে আন গতি নাই। হেলাতে নলৈলে৷ ৰলু, মানিকক পাই। বিফলে জনম মোৰ আলে জালে গৈল। গুৰুৰ চৰণে মোৰ ভকতি নভৈল। চৰণত ধৰি বোলো সাধু সমস্তয়। ভক্ত বংশ বুলি মোক পালিবে লাগয় শঙ্কৰেসে গুৰু মোৰ জন্মে জন্মে হৈবা। দৈৱকী নন্দন দেৱ আমাক নেৰিবা॥ কৰোহে৷ কাকুতি তযু চৰণে ধৰিয়া। তযু ভকতৰ সঙ্গ প্ৰভু মেকি দিয়া।