সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1º কবিতা বনত বহি, কাপোৰ আঁচল ধৰি, দু হাতে চকু-লো মুছি, ঘনাই ঘনাই। দুটি এটি তল সৰা, কবিতা ফুলৰ পাহি, অতি হাবিলাস কৰি ললে৷ বুটুলাই। পৰিলে মনত, তাত, নাই তুমি মৰতত; উভালি আশাৰ গছ হায় 'অকালত, স্বপ্নৰ অগম্য যিটো, ফলাই বিধিৰ লিপি, বালক বালিকা চাৰি এৰি শ্মশানত, বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ চয় আঁতাই, লাহে ধীৰে অকলীয়া হই, ধন জন কাষ কৰি, সংসাৰক পৰিহৰি, আঁতৰিলা সমাদৰে, ললাহি বিদায়।